TIK-TOK ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা


টিক-টক নিষিদ্ধ হোৱাৰ দিনাৰে বিভিন্ন ধৰণৰ খবৰ ছছিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে । টিক টক ব্যৱহাৰকাৰী আৰু অনুৰাগীসকলৰ বহুতেই হতাশাত ভুগিছে আৰু আত্মহত্যাৰ খবৰো ওলাইছে কিয়নো গোটেই ভাৰততে টিক-টক ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১৫ কোটিৰো বেছি ।

টিক-টকে বিভিন্নজনক উপাৰ্জনৰ পথ ও মুকলি কৰি দিছিল । হয়তো ইয়াৰ বাবে বহুতো প্ৰতিভাবান CREATOR ৰ মাজত এতিয়া এক জটিল পৰিস্থিতি আহি পৰিছে ।


বৰ্তমান খবৰ ওলাইছে যে এই সপ্তাহত টিক-টক আমেৰিকাতো নিষিদ্ধ কৰা হব । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ঘোষণা কৰাৰ পাছতেই ইন্টাৰনেটত খলকনিৰ সৃষ্টি হয় । কিয়নো ভাৰতৰ পিছতেই আমেৰিকাত টিক-টিক ব্যৱহাৰকাৰী সংখ্যা প্ৰায় ১০-১৫ কোটি ।

এই ঘোষণাৰ পিছতেই খবৰ ওলাই " আমেৰিকাৰ মাইক্ৰচফ্ট কোম্পানীয়ে টিক-টক কিনিবলৈ প্ৰস্তাৱ আগবঢ়াইছে চীনৰ বাইটিডাঞ্চ কোম্পানীলৈ ।
এই বিষয়ত টিক-টিক মালিকানাধীন BYTEDANCE কোম্পানীয়ে কোনো উত্তৰ দিয়া ।

এই ব্যৱসায়িক প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ দুয়োটা কোম্পানীকে ৪৫ দিনৰ সময়সীমা বান্ধি দিছে ট্ৰাম্প চৰকাৰে ।যদিহে মাইক্ৰচফ্ট কোম্পানীয়ে টিক-টকক কিনিবলৈ সক্ষম হয় তেতিয়া হলে ভাৰততো ঘূৰি অহাৰ সম্ভাৱনা আছে । 

Post a Comment

Previous Post Next Post