বন্ধ হব নেকি ছাইনিজ স্মাৰ্টফোন


ভাৰত আৰু চীনৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত যি যুযুধান পৰিৱেশৰ সৃষ্টি হৈছে তাকে লৈ বৰ্তমান ছছিয়েল মিডিয়া আৰু নিউজত "বয়কট চাইনিজ" কেম্পেইন চলি আছে ।
ভাৰত চৰকাৰেও বিভিন্ন ধৰণৰ ছাইনীজ সামগ্ৰী বা ইন্টাৰনেটৰ লগত জড়িত বিভিন্ন ধৰণৰ ৱেবছাইট আৰু এপৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ।  যোৱামাহত  টিক-টক আদিকে ধৰি প্ৰায় ৬০টা এপ ভাৰতত নিষিদ্ধ ঘোষণা হোৱাৰে পৰা স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ মাজত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে । এতিয়াও ২৭৩টা এপৰ ওপৰত ভাৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি বজাই ৰাখিছে । এই এপ সমূহৰ ভিতৰত পাবজি , ৰেছো আদি আছে ।

ভাৰতৰ বজাৰত আধিপত্য় বিস্তাৰ কৰা মোবাইল কোম্পানীসমুহ একাদিক্ৰমে

  • ছিয়াওমি (XIAOMI) - ৩০%
  • ভিভো (VIVO) - ১৭%
  • ৰিয়েলমি (REALME) -১৪%
  • অপ্পো (OPPO)- ১২%
  • বাকী - ১১% (LG, Huawei, Asus, Lenovo, Motorola )
ভাৰতৰ বজাৰত বিশেষকৈ মোবাইল-কম্পিউটাৰ আৰু ইলেকট্ৰিকেল বজাৰখনত বৰ্তমান চাইনিজ সামগ্ৰীয়েই ৰাজত্ব কৰি আছে । কিয়নো ভাৰতত এতিয়াও উতকৃষ্ট মানৰ প্ৰযুক্তি নিৰ্মাতা কোম্পানীৰ অভাৱ যাৰ ফলত এতিয়াও আমাৰ ৯০% প্ৰযুক্তিৰ লগত জড়িত সামগ্ৰী চীন, আমেৰিকা , ৰাছিয়া, জাপান আদি দেশৰ পৰা আমদানি কৰিব লগা হয় ।

বৰ্তমান ভাৰত চৰকাৰে এই সামগ্ৰীসমূহত কোনো ধৰনৰ  বেন সম্পৰ্কত কোনো তথ্য় দিয়া নাই বৰ়়ঞ্চ এই আমদানিকৃত মোবাইলৰ সামগ্ৰী সমুহত শুল্ক বঢ়োৱা দেখা গৈছে যাৰ ফলত কোম্পানীবোৰেও ফোনবোৰৰ দাম বঢ়োৱা পৰিলক্ষিত হৈছে  । গতিকে ছাইনীজ স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলে ৬০টা নিষিদ্ধ ঘোষণা এপ নথকাকৈ যিকোনো ফোন ব্যৱহাৰ কৰিব পাৰিব আৰু  এই সন্দৰ্ভত যিকোনো খবৰ আহিলেই আমি আপোনলোকক সবিশেষ জনাম । অহা সপ্তাহত কেন্দ্ৰই এই সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ।

Post a Comment

Previous Post Next Post