ৰাম মন্দিৰৰ ইতিহাস:

প্ৰায় ১০০০০ বছৰ পুৰণি প্ৰভু ৰামৰ জন্মভূমিত ৬ আগষ্ট তাৰিখে দীৰ্ঘদিনীয়া যুজৰ অন্তত শিলান্যাস কৰা হ'ল আহক থোৰতে সমগ্ৰ ঘটনাৱলীৰ ইতিহাস চাই লওঁ ।

১৫২৮ চন: মোগল সম্ৰাট বাবৰে তাত পূৰ্বৰে পৰা থকা মন্দিৰ এটা ভাঙি মছজিদ এটা নিৰ্মাণ কৰে তাক বাবৰি মছজিদ নাম দিয়া হয়‌ ।

১৮৫৩-১৯৪৯: গোষ্ঠীসংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ চৰকাৰে বিবাদমান ভূমিত মুছলমান সকলক মছজিদৰ ভিতৰত আৰু হিন্দুসকলক চোতালত পূজা অৰ্চনা কৰিবলৈ অনুমতি দিয়ে ।

১৯৫০: ফৈজাবাদ আদালতত দুটা বেলেগ বেলেগ গোচৰ তৰা হয় এইবুলি আবেদন কৰি যে মছজিদৰ ভিতৰত কোনোয়ে মূৰ্তি প্ৰতিষ্ঠা কৰিছে হিন্দুসকলক তাত পূজাৰ অনুমতি দিয়া উচিত‌।

১৯৫৯: নিৰ্মোহী অখাৰাৰ ফালৰ পৰা তৃতীয়টো গোচৰ তৰা হয় ।

১৯৬১: উত্তৰ প্ৰদেশ চুন্নী ৱাকফ বোৰ্ডৰ ফালৰ পৰা আন এটা গোচৰ তৰা হয় বিবাদমান ভূমিৰ অধিকাৰ বিচাৰি তথা শ্ৰীৰামৰ মূৰ্তি তাৰ পৰা গুচাবলৈ আবেদন কৰি ।

গোচৰ নিষ্পত্তি নোহোৱালৈ উক্ত স্থান তলাবন্ধ কৰি দিয়া হ'ল আৰু হিন্দু সকলে বাহিৰৰ পৰায়েই পূজা অৰ্চনা কৰি থাকিল ।

১৯৮৬: জিলা ন্যায়াধীশে আদেশ দিলে যে সেই স্থানৰ  তলা খুলি হিন্দুসকলৰ পূজাৰ বাবে মুকলি কৰি দিয়া হওঁক ।

৬ ডিচেম্বৰ, ১৯৯২: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ সেৱকৰ দলে বাবৰে নিৰ্মাণ কৰা মছজিদ বগৰাই পেলাই ।
সমগ্ৰ দেশজুৰি হোৱা গোষ্ঠী সংঘৰ্ষৰ ফলত দুই হাজাৰতকৈও অধিক লোকৰ প্ৰাণহানি হয় ।

২০০১: বিশেষ আদালতে ৰায়দান কৰি কৰসেৱকৰ নেতৃত্ব দিয়া লালকৃষ্ণ আদৱানীৰ লগতে কল্যাণ সিং ক দোষমুক্ত ঘোষণা কৰে ।

২০০২: একাংশ হিন্দু মানুহ কঢ়িয়াই লৈ যোৱা ট্ৰেইনখনত গোধৰাত অগ্নিসংযোগ কৰা হয় । ৫৮ জন লোকৰ মৃত্যু হয় এই অগ্নিকাণ্ডত । তাৰপৰায়েই উৎপত্তি হয় ভয়ানক গোধৰা কাণ্ড আৰু গোষ্ঠী সংঘৰ্ষৰ য'ত ২০০০+  মানুহৰ মৃত্যু হয় ।

২০১০: এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাদমান ভূমিৰ দুই তৃতীয়াংশ হিন্দুক এক তৃতীয়াংশ ৱাকফ বোৰ্ডক অৰ্পণ কৰে ।

২০১১: উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ ত বাধা আৰোপ কৰে ।

২০১৭: উচ্চতম ন্যায়ালয়ে বিজেপি নেতাসকলৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰি গোটেই বিষয়টো ন্যায়ালয়ৰ বাহিৰত নিষ্পত্তি কৰিবলৈ আহ্বান জনায় ।

২০১৮: উচ্চতম ন্যায়ালয়ে ১৯৯৪ চনত দিয়া ৰায়দান যিয়ে মছজিদ ইছলামৰ অবিচ্ছেদ্য অংগ নহয় বুলি প্ৰমাণ কৰিছিল তাৰ ওপৰত বিশেষ আয়োগ গঠন কৰি পুনৰালোচনাৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰে ।

৮ মাৰ্চ ২০১৯: উচ্চতম ন্যায়ালয়ে এখন মধ্যস্থতাকাৰী মণ্ডল গঠন কৰি সমগ্ৰ ঘটনাৱলী ৮ সপ্তাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ আদেশ দিয়ে ।

১ আগষ্ট ২০১৯: মধ্যস্থতাকাৰী মণ্ডলে ৰিপোৰ্ট জমা দিয়ে ।

২ আগষ্ট ‌২০১৯: উচ্চতম ‌ন্যায়ালয়ে কয় যে মধ্যস্থতাকাৰী মণ্ডল বিফল হ'ল কোনো সিদ্ধান্তত উপনীত হোৱাত ।

৬ আগষ্ট ২০১৯: উচ্চতম ন্যায়ালয়ে দৈনিক শুনানি আৰম্ভ কৰে ।

১৬ অক্টোবৰ ২০১৯: সকলোবোৰ শুনানি চালিজাৰি চাই শেষ সিদ্ধান্তত উপনীত হয় আৰু ৰায়দান কৰে যি আমাৰ সকলোৰে জ্ঞাত ।

Post a Comment

Previous Post Next Post